মই জুবিন গাৰ্গে কৈছোঁ
আজি সৰুসজাইখন বহুত উকা
কাৰণ তাত আজি দাদা নাই
এই দুদিনটো দাদাক চাই কটালো
আজি চাগে দাদা ভীষণ অকলশৰীয়া
বাৰে বাৰে চাগে চিঞৰি আছে
মানুহবোৰ ক’ত গ’ল বুলি
হয়টো ক্ষোভত চিঞৰি উঠিছে
চাল্লা ইমান ঠাণ্ডাত আছিলো
তহঁতে আজি জুইৰ সেক দিম বুলি
মোৰ গোটেই দেহাটোৱে পুৰি পেলালি
হাড়ত লগা জুইখিনি নুমাব ফুকাই আছে
কিন্তু জুই নুমাল উত্তাপ আছে
বৌক চাগে মাতি আছে পানী অলপ আনিবলৈ
বৌৰ সহাঁৰি নোপোৱাত খঙ কৰি অভিমান
কৰি আছে চাগে জুবিন দাই
সোণাপুৰত জুবিন দাৰ আজি প্ৰথম নিশা
ইফালেসিফালে ঘুৰি ফুৰি আছে
বাৰবছৰ আগত তাত জিৰণি লৈ
ফটো উঠা কথাটো মনত পৰাত কৈছে
ইয়াত দেখোন আগতে বহি
শান্তিৰে ফটো উঠিছিলো
আজি দেখোন মানুহ পোৰা মানুহ পোৰা গোন্ধ
দাদাই গমকে পোৱা নাই সেইয়া কাৰ গোন্ধ
আকৌ জুবিন দাৰ খং উঠাত
ভোৰভোৰাব লৈছে তাৰপাছত আকৌ
দমত ক’ব লৈছে
কাম আছে মোৰ বহুত
অ’ই মোৰ ষ্টুডিঅটো ক’ত
অ’ই মোৰ গীটাৰখন ক’ত
অ’ই চাধা অকণ দে না
ধেৎ চাল্লা আজি ইহঁতৰ হ’ল কি মানে
কোনেও যে মোৰ কথা নুশুনে
দুদিন কি শুই থাকিলো
তহঁতে মোক ইমান এলাগী কৰি দিলি নে
আজি মোক অকলে ইয়াত এৰি দিলি যে ?
গান গাম মই মায়াবিনী
অ’ই মাইকটো ক’ত
ধেই তহঁতে আজি মোক গুৰুত্বই নিদিয়’
আগতে দেখোন মোক দেখিলে
মোৰ ওচৰত দৌৰি আহ ফটো তুলিব
আজি মই ইমান এলাগী হৈ গ’লো নে ?
ধুৰ দুদিন কি শুই গ’লো
তহঁতে মোক ক’ত থৈ গ’লি ৰে
বেয়া পাইছো তহঁতক
নতুন গান এটা মনত আহিছে
ৰ’হ Humming এটা দি লও
ৰ’হ Lyrics টো অলপ গুণগুণাও
সুৰটো আহিছে ৰ’হ মনত
অ’হ স্বাৰ্থৰ বাবেহে জুবিনক লাগে
এনে মানে মোক তহঁতক নালাগে
ধুৰ ! কাৰো গুৰুত্বই নাই মানে আজি
দে দে তহঁত শুই যা আজি
তহঁতক বোলে মই দুদিনমান জগাই ৰাখিলো
মোৰ বাবে তহঁতৰ হেনো বহুত কষ্ট হ’ল
কিন্তু বিশ্বাস কৰ তহঁতে
আজি মই বহুত অকলশৰীয়া অনুভৱ কৰিছো
মোৰ ইয়াত থাকি একো ভাল লগা নাই
জানাই দেখোন তহঁতে মই বান্ধোন বেয়া পাঁও
তাতে এই মানুহ পোৰা গোন্ধটোৱে মোক বহুত
অসহ্য অশান্তি দি আছে
দে হ’ব দে তহঁতক আৰু কি কম
মুক্ত দে মই বুজি পাইছো এইমাত্ৰ জংকীয়ে জনালে
মই জুবিন গাৰ্গ নামটো কেৱল তহঁতে পাহৰি নাযাবি
অলপ সোনকালে আহিলো
পিছে অসমখন মই নহ’লেও ভালে ৰাখিবি
মই জুবিন গাৰ্গ
সোণাপুৰৰ পৰা কৈ আছো...
©Kalyan Jyoti Deka