তহঁত আছ নহয়: Zubeen Garg
মোৰ আজি দুখ লাগিছে তহঁতৰ বাবে
জীয়াই থাকোঁতে তহঁতৰ কথাই ভাবিছিলোঁ
মোক অলপ শান্তিত থাকিব দে
মোৰ বাবে তহঁতি ন্যায় বিচাৰি জেল খাব নালাগে
মোৰ বাবে তহঁতি পৰিৱেশ অস্থিৰ নকৰিবি
ধৈৰ্য ধৰিবলৈ শিক সময়ে দিব উপহাৰ !
চিন্তা কৰিব নালাগে শিৱ আছে দে
মোৰ হাতত,কপালত তেওঁৰ ত্ৰিশূল আছিল
তেওঁক মোৰ ভাল লাগে সকলো থাকিও তেওঁ হাত উদং
ঠিক মোৰ দৰে... বাৰু বাদ দে
"মোৰ কোনো ভগৱান নাই মোৰ কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই"-নাপাহৰিবি
মই গুচি আহিলো দে ইয়াত ভাল লাগিছে
কলাগুৰু,জ্যোতিপ্ৰসাদ আগৰৱালা,ভূপেন দা...
বহুত...
ইয়াত বিন্দাচ না লোভ না মোহ...
তহঁতি ভাগ ভাগ নহ'বি , একতাৰ জোৰ বেছি
মই সৃষ্টিতে মৰ্জি আছিলো তহঁতে কিন্তু মোৰ নামত ধ্বংস বীজ নিসিঁচিবি
তহঁতৰ দায়িত্ব আছে মোৰ অসমী আইজনীয়ে যাতে নাকান্দে...
মোৰ দেউতা,গৰিমাক অকলশৰীয়া নকৰিবি
বৰ কষ্ট পাম মই
তাইৰ কঁপালখন উকা নকৰাৰ
প্ৰতিশ্ৰুতি লৈ আহিছোঁ
অযথা বিতৰ্ক কৰিবলৈ নিদিবি,তাইক মই জানো
মোৰ আপদাল কৰোঁতে ভাগৰি নপৰিছিল
মোৰ অবৰ্তমানত তহঁতৰ কথাই দুখী কৰিছে
চিধা কৈছোঁ মই ৰজা আকৌ আহি আছোঁ...
মোক কোনে বুজিছিল গভীৰভাৱে
সিহঁতৰ গ্লেমাৰাছৰ আৱৰণে মইটোক ঢকাৰ
অহৰহ এটা চেষ্টা কৰি আহিছিল
কিন্তু মই মানুহ ভাল পাওঁ সাধাৰণ
সেইদিনা সাঁতুৰি থাকোতে মোৰ উশাহ ল'বলৈ কষ্ট হৈছিল
মই ৰজা কিয় দেখাম দুৰ্বলতা
সিহঁত আগবাঢ়ি অহা হ'লে !
চিধা কথা মূৰ দাঙি কৈ থাকিবি জেলেপীৰ পাক ভাল নহয়
সঁচা কথা ক'বলৈ ডাঠ কলিজা লাগে
ৰজাৰ দৰে জীয়াই থাকিবি,
বেয়া পাওঁ পলিট্টিক্স নকৰিবি
সেইবোৰ চব পাপৰ মই গাই আহিছোঁ
শুনা পাইছোঁ গোটেই অসমতে মোৰ হেনো প্ৰতিমূৰ্তি সাজিব
মন গলেই তহঁতক চাব পাৰিম
তহঁতি মন গ'ল মোক চুই চাবি
মই জানো তহঁতৰ স্পন্দনত সদায় থাকিম
পাহৰি নাযাবি কেৱল মোৰ গান গালেই নহ'ব
মানৱীয়তা সুৰ আওৰাই থাকিব লাগিব
গছ,নদী,চৰাই, জীৱ-জন্তুক দুখ নিদিবি...প্ৰকৃতি মোৰ আপোন
ভুল নকৰিবি বৰ কষ্ট পাম...
মোৰ খাৰঘুলী ঘৰত থকা ইহঁতবোৰলৈ বৰকৈ মনত পৰিব
বৰ দুখ লাগিছে,হ'ব তহঁত আছ নহয়
'মায়াবিনী ৰাতিৰ বুকুত...'
Copyright ©অমূল্য চেতিয়া